Local, Vocal, Global

অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটা গাঁৱত আজি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত এটি আঠ মহীয়া শিশুৰ কৰুণ মৃত্যু হোৱাৰ লগতে এটা খেৰি ঘৰ জ্বলি সম্পূৰ্ণ ভস্মীভূত হয়।  অসম অৰুণাচলৰ সীমান্তত অৱস্থিত গাঁওখনত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটোৰ সম্পৰ্কে পোৱা তথ্য মতে নগাকটা গাঁৱৰ নিবাসী পৰমেশ্বৰ কিস্কুয়ে আজি পুৱা ১১বজাত মাছ ধৰিবলৈ পথাৰলৈ গৈছিল। আনহাতে পত্নী চবিতা কিস্কুয়ে ৰেচনৰ চাউল আনিবলৈ যোৱাত ঘৰত ১২ বছৰীয়া আৰু ৮ মহীয়া দুটি সন্তানক ঘৰত থৈ গৈছিল। বিৰাজ কিস্কু নামৰ ১২ বছৰীয়া সন্তানটোৱে ঘৰত এটা কেৰাচিন তেলৰ চাকিলৈ কাপোৰ বিচাৰোতে কাপোৰত জুই লাগি ঘৰটো জ্বলি যায়। ঘৰত ডাঙৰ মানুহ নথকাত ৮ মহীয়া শিশুটিৰ প্ৰাণ ৰক্ষা নপৰিল ৷ আৰু এনেদৰেই কৰুণ মৃত্যুক সাৱটি ললে শিশুটোৱে ।