Local, Vocal, Global

মহিলা গ্ৰাহকক কৰিলে পুনৰ দুব্যৱহাৰ

শাখা প্ৰবন্ধকৰ অসভ্যালিত অসন্তুষ্ট গ্ৰাহক

মহিলা গ্ৰাহকক কৰিলে পুনৰ দুব্যৱহাৰ

ধুবুৰী জিলাৰ চাপৰ চক্রৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংক বহলপুৰ শাখাৰ শাখা প্ৰৱন্ধক কুমুদ শৰণীয়াই মহিলা গ্ৰাহকক কৰিলে দুব্যৱহাৰ । ৰৌশনেচা খাতুন  নামৰ শিক্ষয়িত্ৰী এজনীয়ে উত্থাপন কৰা অভিযোগৰ ভিত্তিত শাখা প্ৰবন্ধকৰ পৰা দূব্যৱহাৰ কৰাৰ কাৰণ সুধিবলৈ  যোৱাত সাংবাদিকক অপমান কৰি মানহানি গোচৰ দিবলৈ ধমকী দিলে শাখা প্ৰবন্ধক কুমুদ শৰণীয়াই  ।

জানিব পৰা মতে  চেক বুক,  ATM বাবদ প্রায় এবছৰ ধৰি শিক্ষয়ত্ৰী গৰাকীক হাৰাশাস্তি কৰি আহিছে এই জন শাখা প্ৰবন্ধকে  । অৱশেষত আজি শাখা প্ৰবন্ধকে নিজেই শিক্ষয়ত্ৰী গৰাকীক বেংকলৈ মাতি নি দুব্যবহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীয়ে

উল্লেখ্য যে এই জনেই সেইজন শাখা প্ৰবন্ধক কুমুদ শৰণীয়া যি জনে কেই মাহ মান আগতে মহিলা গ্ৰাহকক বাংলাদেশী আখ্যা দি দুব্যৱহাৰ কৰিছিল আৰু তাৰে ভিত্তিত এটা বাতৰিও সম্প্ৰচাৰ হৈছিল

কিন্তু ইমানখিনি হৈ যোৱাৰ পিছতো শাখা প্ৰবন্ধক জনৰ চৰিত্ৰ এতিয়ালৈকে ঠিক হোৱা নাই।

এতিয়া প্ৰশ্ন হয় এইজন শাখা প্ৰবন্ধক কুমুদ শৰণীয়াৰ ওপৰত বিভাগীয় কতৃপক্ষই কি পদক্ষেপ হাতত লয় পৰবৰ্তী সময়ত সেয়া হব লক্ষনীয়