Local, Vocal, Global

পিতৃৱে ধৰ্ষণৰ চেষ্টা চলাই নিজ কন্যাক

গোৰেশ্বৰত নিৰ্লজ্ব্য কাণ্ড। এগৰাকী পিতৃৱে ধৰ্ষণৰ চেষ্টা চলাই নিজ কন্যাক। গোৰেশ্বৰত লজ্জাজনক ঘটনা।

এগৰাকী বাৰ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাই নিজ পিতৃৱে। বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত হাজলপাৰা গাওঁত এগৰাকী পিতৃয়ে ধৰ্ষণ কৰাৰ চেষ্টা কৰে নিজ কন্যাক। দিবাকৰ ৰয় নামৰ পঞ্চাশ উৰ্দ্ধৰ পিতৃয়ে আজি নিশা প্ৰায় ৮ বজাত মদ্যপায়ী অৱস্থাত নিজৰ কন্যাক ধৰ্ষণৰ চেষ্টা চলাই।

এই ঘটনাৰ পিছতে কন্যা গৰাকীয়ে চিঞৰ বাখৰ কৰি দৌৰি পলায়। ইয়াৰ পিছত কন্যাৰ মাতৃয়ে গাওঁৰক্ষী বাহিনী সম্পাদক প্ৰতাপ দাসক এই কথা অৱগত কৰে।

পিছত গোৰেশ্বৰ থানাত এই ঘটনা অবগত কৰাৰ পিছত গোৰেশ্বৰ থানা আৰক্ষী দল এটি আহি পিতৃৰ লগতে কন্যাক থানালৈ লৈ আহে। পূৰ্বেও পিতৃ গৰাকীয়ে কন্যাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে।

উল্লেখ্য যে মাতৃ নথকাৰ অৱস্থাত সংঘটিত হয় এই ঘটনা। এই ঘটনাই পিছত অঞ্চলটোত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।