Local, Vocal, Global

চৰাইক আশ্ৰয় দিলে পাব লাখ টকাৰ পুৰস্কাৰ

ধৰালৈ যেতিয়া শীত নামে শীতৰ সৈতে আগমন ঘটে বহু পৰিভ্ৰমী চৰাইৰ৷ ভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ নান্দনিক ৰূপ চাবলৈ ভিন্ন স্থানত বহু পর্যটকে ভিৰ কৰে৷ আপুনি যদি চৰাই ভাল পায়, আপোনাৰ বাবে এটা ভাল খবৰ আহিছে৷ চৰাইক আশ্ৰয় দি আপুনি লাভ কৰিব পাৰিব ৩ লাখ টকাৰ পুৰস্কাৰ৷ কথাটো আচৰিত যেন লাগিলেও সেয়াই সত্য ৰূপত প্ৰতিফলিত হৈছে বাংলাদেশত৷ বাংলাদেশৰ এখন গাঁও খোর্দ্দ বাউচা৷ শীত অহাৰ লগে লগে গাঁওখনলৈ আগমন ঘটে বহু পৰিভ্ৰমী চৰাইৰ৷ চৰাইবোৰে গাঁওখনৰ বহু কেইখন আমৰ বাগিছাত জিৰনি লয়৷ চৰাইবোৰৰ কিছুসংখ্যক বাগিছাৰ আমগছবোৰত বাব সাজি লয়৷ অৱশ্যে চৰাইবোৰে বাহ সজা বাবেই বাগিছাত থকা গছসমূহত ফল নালাগে৷ যাৰ ফলত বাগিছাৰগৰাকীয়ে চৰাইবোৰ গছৰ পৰা খেদি পঠিয়াইছিল৷ তাৰ পিছত এই খবৰ প্ৰচাৰ হৈছিল চ’ছিয়েল মিডিয়াত৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হোৱা আমৰ বাগিছাৰ গৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰ নির্দেশ দিছিল বাংলাদেশৰ এখন ন্যায়ালয়ে৷ আনহাতে বাগিছাসমূহৰ গৰাকীসকলে চৰাইবোৰক আশ্ৰয় দিয়াৰ বাবে চৰকাৰৰ পৰা লাভ কৰিছে ৩ লাখ টকাকৈ৷