Local, Vocal, Global

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত ৰাজ্যত ৩ দিনীয়া ৰাজ্যিক শোক

 

কভিডোত্তৰ সমস্যাৰে যুঁজি অৱশেষত প্ৰাণ ত্যাগ কৰিলে অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। উল্লেখযোগ্য যে বিগত কেইবামাহো ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কৰুণা জনীত সমস্যাৰে ভুগি আছিল আৰু ২৩ নৱেম্বৰ তাৰিখে বিয়লি তেখেতৰ GMCH ত মৃত্যু ঘটে। তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। আজি তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হব নিজা বাসভৱনলৈ আৰু তাৰ পাছতেই জনতা ভৱন আৰু পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনলৈ। বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হব গগৈৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।