Local, Vocal, Global

বজালীত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত কন্টেইনমেণ্ট জ’ন

গণ সংক্ৰমনৰ আশংকাক আওকান ৰাইজৰ, নাই সামাজিক দূৰত্ব, নাই মাস্ক

বজালীত দ্বিতীয়টো কন্টেইনমেণ্ট জ’ন। চীল হ’ল বজালী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ।
সমগ্ৰ বজালীত এতিয়া কৰ’নাৰ আতংক । আৰক্ষী থানা, পেট্ৰল পাম্প, ধাবা, আদালত সকলোতে ওলাইছে কভিড পজিটিভ । দেওবাৰে বজালীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত দুজনকৈ ব্যক্তিৰ কৰ’না পজিটিভ ফলাফল অহাৰ পিছতে আজি প্ৰশাসনে গোটেই আদালত চৌহদ কন্টেইনমেণ্ট জ’ন হিচাপে ছীল কৰি দিয়ে । বজালীত এইটো দ্বিতীয় কন্টেইনমেণ্ট জ’ন, ইয়াৰ পূৰ্বে শুকিলাপাৰ গাঁৱৰ এটা অঞ্চল প্ৰশাসনে কন্টেইনমেণ্ট জ’ন কৰিছিল । উল্লেখ্য যে নিতৌ এটাৰ পিছত এটা পজিতিভ ৰিজাল্ট আহি থকাৰ পিছতো মহকুমাটোত একপ্ৰকাৰ সজাগ হোৱা নাই ৰাইজ । প্ৰশাসনৰ নীতি নিয়মক আওকান কৰি পাঠশালা নগৰত কোনো সামাজিক দূৰত্ব আৰু মুখত মাস্ক পৰিধান নকৰাকৈ যেনি-তেনি মুকলিকৈ ঘূৰি ফুৰিছে মানুহ যাৰ বাবে শীঘ্ৰেই বজালীত পুনৰ কঠোৰ লকডাউন দিবলৈ জিলা প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছে বজালী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।