Local, Vocal, Global

ৰাজ্যত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা, মহানগৰীত সংযোজন নতুন কন্টেইনমেন্ট

কৰ’নাৰ গ্ৰাসত সমগ্ৰ ৰাজ্য  । ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা । ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ৩,২৮৫গৰাকীলৈ বৃদ্ধি । শেহতীয়াকৈ নতুনকৈ আক্ৰান্ত ১৯৩গৰাকী । এদিনত একেবাৰতে অসমত সৰ্বাধিক অভিলেখ ১৯৩গৰাকী  আক্ৰান্ত । বুধবাৰৰ দিনটোত ৰাজ্যত মুঠ ২৩৫গৰাকী আক্ৰান্ত। এইপৰ্যন্ত আৰোগ্য ১,২৪৯গৰাকী, সক্ৰিয় ৰোগীৰ সংখ্যা ২,০২৭গৰাকী, ৬গৰাকীৰ মৃত্যু ।

মহানগৰীতো বৃদ্ধি পাই আছে কৰ’না আক্ৰান্ত সংখ্যা । মালিগাঁও গোঁশালাত ৫জন কৰ’নাত আক্ৰান্ত। গোঁশালা পানী টেংকীৰ containment zoneত swab পৰীক্ষা কৰা হৈছিল। Swab পৰীক্ষাৰ ফলাফলত ৫জনৰ দেহত পোৱা গৈছে covid-19 । ৩০জন লোকৰ swab পৰীক্ষা কৰা হৈছিল । স্বপ্না বৰুৱাৰ দেহত covid-19 পোৱাৰ পিছত swab পৰীক্ষা কৰা হৈছিল । গোঁশালা পানী টেংকীত ৫জনৰ ভিতৰত ৩গৰাকী মহিলা। আক্ৰান্ত লোককেইজন ক্ৰমে মহম্মদ হাচিম, সবিতা দেৱী, সুজন দেৱী, সঞ্জীৱ সাহ, ভাৰতী গোঁসাই। । উল্লেখযোগ্য যে গেলামাল দোকানী স্বপ্না বৰুৱাৰ সংস্পৰ্শত অহা দুজন চিনাক্ত হৈছে। আন ৩জন কেনেকৈ সংক্ৰমণ হৈছে এতিয়ালৈ তথ্য পোৱা নাই। আটাইকেইজনক নিশাই মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হয়।

মহানগৰীত কৰ’না আক্ৰান্ত বৃদ্ধি পোৱাৰ লগে-লগে বৃদ্ধি হৈছে কণ্টেইনমেণ্ট জ’নৰ । মহানগৰীত পুনৰ ৩ স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা । আঠগাঁও,লালগণেশৰ শংকৰদেৱ নগৰ আৰু ধীৰেনপাৰাৰ একাংশ অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা।ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনৰ ঘোষণা ।