ঐতিহাসিক বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান

সুদীৰ্ঘ ২৮ বছৰ পিছত বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান। বুধবাৰে লক্ষ্ণৌৰ চিবিআই আদালতে ৰায়দান প্ৰদান কৰিলে বাবৰি মছজিদৰ গোচৰৰ। ঘটনাৰ লগত জড়িত ৩২ গৰাকী লোকক দোষমুক্ত ঘোষণা কৰিলে বিশেষ আদালতে। ঘটনা সন্দৰ্ভত মুঠ ৪৯ গৰাকী অভিযুক্ত সমগ্ৰ বিবাদৰ আঁওতালৈ আহিছিল। উল্লেখ্য যে ইয়াৰে ১৭ গৰাকী লোকৰ বৰ্তমানলৈ মৃত্যু হৈছে। বৰ্তমান জীৱিত থকা ৩২ গৰাকী অভিযুক্ত আদলতে দোষমুক্ত ঘোষণা কৰে।
চিবিআই আদালতৰ যুক্তি এয়ে যে বাবৰি মছজিদ ধ্বংস পূৰ্বপৰিকল্পিত নাছিল। তথ্য প্ৰমাণো যথেষ্ঠ নহয়। ফটো-ভিডিঅ’ সাক্ষী মঞ্জুৰ নহয়।
লক্ষ্ণৌৰ চিবিআই আদালতে ৰায়দান প্ৰদানৰ পিছতে লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতী, বিনয় কাটিয়াৰ, সাক্ষী মহাৰাজ, কল্যাণ সিং আদিকে ধৰি ৩২ গৰাকী অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে।