হাথৰস কাণ্ডৰ প্ৰতিক্ৰিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

সমগ্ৰ দেশ কপোঁৱা এক জঘন্য ঘটনা। নিৰ্ভয়া কাণ্ডতকৈও নৃশংস ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ। ১৪ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ড। ৪ জন নৰপিশাচৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী।
ঘটনা সংঘটিত হোৱা পিছতে স্থানীয় একাংশই ভুক্তভোগী যুৱতীগৰাকীক স্থানীয় হাস্পতালত ভৰ্তি কৰিছিল। কিন্তু জীৱন মৃত্যুৰ সৈতে যুঁজ কৰি অৱশেষত মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু আকোঁৱালি লয় যুৱতীগৰাকীয়ে। কিন্তু লক্ষ্যণীয় বিষয় এয়াই যে যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে মৃতদেহ যুৱতীগৰাকীৰ গাঁৱলৈ আনে যদিও গাঁওবাসীয়ে বিৰোধিতা কৰাত আৰক্ষীয়েই অন্তিম সৎকাৰ কৰে।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে তৎকালে ঘটনাৰ তদন্তৰ ঘোষণা কৰাৰ লগতে তদন্তৰ বাবে SIT গঠন কৰি ৭ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন বিচাৰিছে।