Local, Vocal, Global

‘হৰ ঘৰ ত্ৰিৰঙ্গা’ আৰু অসম চৰকাৰৰ ব্যৰ্থতা

নিউজ ডেস্ক, ৫ আগষ্ট : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা হৈছে” আজাদী কা অমৃত মহোৎসৱ” অভিযান। এই অভিযানৰ এটা কাৰ্য্যসূচী হৈছে ‘হৰ ঘৰ তিৰঙ্গা’।

ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে। লগতে জাতীয় পতাকাৰে ছেল্ফি উঠি ২ৰ পৰা ১৫ আগষ্টলৈকে ফেচবুক, টুইটাৰৰ প্ৰফাইলত ফটো লগোৱাৰ বাবেও আহ্বান জনালে দেশবাসীক।

প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ পাছতেই ৰাজ্যবাসীকো অভিযানত সহযোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সুলভ মূল্যৰ দোকানত ১৮‌ টকা দৰত জাতীয় পতাকা লাভ কৰিব বুলি জানিব দিয়াৰ লগতে আত্মসহায়ক গোট সমূহে কেইবা‌ লাক্ষাধিক জাতীয় পতাকা প্ৰস্তুত কৰিছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহুজনে ফেচবুক, টুইটাৰৰ প্ৰফাইলত ফটো সলনি কৰিলে। লগতে ক্ৰয়ও কৰিলে জাতীয় পতাকা।

‘হৰ ঘৰ তিৰঙ্গা’ অভিযানে গতি লাভ কৰাৰ লগে লগে পোহৰলৈ আহিছে অসম চৰকাৰৰ ব্যৰ্থতা। মহাত্মা গান্ধী আৰু শ্বহীদ স্মাৰক মণ্ডপ বা গান্ধী মণ্ডপত ৩১৯.৫ ফুট ওখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ।

বৰ্তমানেও উকা হৈ আছে মহাত্মা গান্ধী আৰু শ্বহীদ স্মাৰক মণ্ডপ বা গান্ধী মণ্ডপ। প্ৰায় এমাহৰো অধিক সময় ধৰি ভাৰতৰ অন্যতম উচ্চতম ৰাষ্ট্ৰীয় পতাকা নমাই দিয়া হৈছে গান্ধী মণ্ডপৰ পৰা ।

১৯৭০ চনৰ ২ অক্টোবৰত সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে মহাত্মা গান্ধী আৰু শ্বহীদ স্মাৰক মণ্ডপ ৰাইজৰ বাবে মুকলি কৰিছিল।

মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে, অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনত গান্ধী মণ্ডপত ৰাজ্যখনলৈ ৩১৯.৫ ফুট উচ্চতাৰ দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।

দক্ষিণ শৰণীয়া পাহাৰৰ ওপৰেৰে ১২০x৮০ ফুট ডাঙৰ ৰাষ্ট্ৰীয় পতাকা উৰি থকা দেখা গৈছিল।

গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে (GSL) হাতত লোৱা নিৰ্মাণ কাৰ্যৰ বাবে নমাই দিয়া হৈছিল ৰাষ্ট্ৰীয় পতাকা।

গান্ধী মণ্ডপত পুনৰ কেতিয়া উত্তোলন হ’ব দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকা ? ব্যৰ্থতা ধাকি ৰাখিবলৈ সক্ষম হ’ব নেকি অসম চৰকাৰৰ ?