Local, Vocal, Global

হালধিৰ আয়ুৰবেদিক লাভালাভ

হালধি হৈছে আমাৰ সকলোৰে পৰিচিত সামগ্ৰী।ভাৰতত হালধিক নানাভাৱে ঔষধত ব্যৱহাৰ কৰা হয় হালধি নেদেখা, চিনি নোপোৱা, হালধিৰ নাম নুশুনা বা দৈনন্দিন আহাৰত হালধিৰ বিষয়ে নজনা ব্যক্তি ভাৰতীয় সমাজত অতি বিৰল। সাধাৰণতে এবিধ প্ৰাকৃতিক ৰঙৰ উৎস আৰু খাদ্যৰ পৰিপুৰক মচলা হিচাপে ব্যৱহাৰ কৰা ভাৰতীয় উপ-মহাদেশ তথা দক্ষিণ-পুব এছিয়াৰ এবিধ আদিবাসী উদ্ভিদ।হালধীৰ বহুতো উপকাৰীতা আছেঃ

  • হালধি পানীৰ সৈতে মিহলাই সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয়।
  • গাখীৰৰ সৰৰ সৈতে সামান্য গুৰি হালধি আৰু কৰ্পূৰ তথা চাৰি-পাঁচ ফোঁটা সৰিয়হৰ তেল আৰু পানীৰে সৈতে মিশ্ৰণ তৈয়াৰ কৰি এঘণ্টা সানিলে ছালৰ ৰোগ, খজুৱতি আদি দূৰ হয়।
  • দাঁত অধিক হালধীয়া হৈ পৰিলে হালধিত নিমখ আৰু সৰিয়হৰ তেল মিহলাই নিয়মিত মঞ্জন কৰিলে দাঁত চফা আৰু মজবুত হৈ পৰে।
  • খজুৱতি হোৱা ছালত হালধিৰ তেল সানিব লাগে। ইয়াৰ লগে লগে তেজ শুদ্ধ কৰিবলৈ হালধি পিহি মৌৰ সৈতে মিহলাই সৰু সৰু বড়ি তৈয়াৰ কৰি প্ৰতিদিনে পুৱা-গধুলি ২-২ টা বড়ি খাব লাগে। ইয়াৰ ফলত তেজ শুদ্ধ হৈ খৰ, খজুৱতি স্থায়ী ৰুপত নাইকিয়া হয়।
  • চৰ্দি জ্বৰ হ’লে হালধি গাখীৰত মিহলাই খালে আৰাম পোৱা যায়।
  • যদি কোনো ধৰণৰ আঘাত লাগি তেজ গোট মাৰে তেন্তে হালধি আৰু নিমখ পানীত মিহলাই লৈ গৰমে গৰমে আঘাত প্ৰাপ্ত ঠাইত লগালে  কিছু সময় পিছতে আৰাম পোৱা যায়।
  • দেহৰ আভ্যন্তৰত কোনো আঘাত লাগিলেও হালধি পানীত তিয়াই গৰম কৰি লাহে লাহে সেক ললেও আৰাম পোৱা যায়।
  • গুৰি হালধি পানীত উতলাই ইয়াৰ ভাপৰ শ্বাস ল’লে মূৰৰ বিষ ভাল হয়।
  • হালধি গুড়ি ১ চামুচ আৰু ১/২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি।