Local, Vocal, Global

আপোনাৰ ৰাশি কি ? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষঃ পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব পাৰে। যাত্রা কৰোঁতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত।কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

বৃষঃ সামাজিক মান হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে।বিদ্যাত শুভ।শুভ ৰং নীলা। শুভ সংখ্যা ২।

মিথুনঃ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায়-বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা দিব। সৰু সুৰা ভ্রমণ আছে। শুভ ৰং বগা, শুভ সংখ্যা ১।

কর্কটঃ আর্থিক বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত বাধা। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

সিংহঃ যান-বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব।বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

কন্যাঃ পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বেচৰকাৰী চাকৰিয়ালসকলে কর্মক্ষেত্ৰত বাধা পাব পাৰে। শুভ ৰং বগা । শুভ সংখ্যা ৭।

তুলাঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

বৃশ্চিকঃ অংশীদাৰী ব্যৱসায়ত উপকৃত হব। স্বামী-স্ত্রীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে গতিকে চাই-চিতি যাত্রা কৰিব।শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

ধনুঃ বন্ধুবৰ্গৰ লগত সুসম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮|

মকৰঃ এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল। কর্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত ভাল। প্রেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

কুম্ভঃ ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধনকৃষ্ট পাব।পাৰে। প্ৰেমত সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মীনঃ ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।