Local, Vocal, Global

তামিল বিধানসভা নিৰ্বাচনৰ পৰা আঁতৰত থাকিব চুপাৰষ্টাৰ ৰজনীকান্ত

চুপাৰষ্টাৰ ৰজনীকান্ত তামিল বিধানসভা নিৰ্বাচনৰ পৰা আঁতৰত থাকিব, নকৰিব পাৰে নতুন ৰাজনৈতিক দল গঠন।চুপাৰষ্টাৰ ৰজনীকান্তে মঙলবাৰে ঘোষণা কৰিছে যে তেওঁ ৰাজনীতিত সক্ৰিয় নহ’ব বা ৰাজনৈতিক দল গঠন নকৰিব। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সিদ্ধান্ত লৈছে। এই সম্পৰ্কত তেওঁ টুইটাৰত তিনিপৃষ্ঠাৰ বিবৃতি জাৰি কৰিছে।উচ্চৰক্তচাপৰ সমস্যাত ভুগি থকা অভিনেতা ৰজনীকান্তৰ স্বাস্থ্য উন্নত হোৱাৰ পিছত দেওবাৰে হায়দৰাবাদ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। কিন্তু চিকিৎসকসকলে তেওঁক কিছু সময়ৰ বাবে সম্পূৰ্ণ বিচনাত বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।