আলোকময় অযোধ্যা

২০১৭ চনৰ পৰাই যোগী আদিত্যনাথ চৰকাৰে অযোধ্যাত বিশেষ জাক-জমকতাৰে দীপাৱলী উদ্যাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল। ক’ভিডসৃষ্ট সাম্প্ৰতিক পৰিস্থিতিৰ মাজতো এইবেলি অলপো ম্লান নপৰে অযোধ্যাত দীপাৱলীৰ পোহৰ। এইবেলি অযোধ্যাৰ বাবে পোহৰৰ উৎসৱৰ আছে বিশেষ তাৎপৰ্য্য। উচ্চতম ন্যায়লয়ৰ ঐতিহাসিক ৰায় দানৰ পাছত অযোধ্যাত ইতিমধ্যে আৰম্ভ হৈছে ভগৱান ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য। গতিকে এইবেলি স্বাভাৱিকতেই অধিক অযোধ্যবাসীৰ মনত দীপাৱলীৰ উলাস। সেয়েহে সমগ্ৰ অযোধ্য মহানগৰী ২৪ ঘণ্টাই উজ্জ্বলাই ৰখাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। ৫ লাখ ৫১ হাজাৰ বন্তিৰে এইবেলি দীপাৱলীৰ দিন দুটাত আলোকময় হৈ ৰ’ব অযোধ্যা নগৰী। এয়া হ’ব গীনিজ বুক অৱ ৱাল্ডৰ্ ৰেকৰ্ডছত অযোধ্যাৰ নাম লিপিৱদ্ধ কৰাৰো এক প্ৰয়াস। ইতিমধ্যেই পোহৰৰ উৎসৱ দীপান্বিতাত নতুন ৰূপেৰে সজাই-পৰাই তোলা হৈছে সৰযু নৈৰ পাৰৰ অযোধ্যা নগৰী।