Local, Vocal, Global

সেনাক অপমান কৰি আইনী মেৰপেচত সোমাল একতা কাপুৰ

কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে ডিজিটেল প্লেটৰ্ফম সমূহক নাকী লগাবলৈ সিদ্ধান্ত লোৱাৰ সময়তে আসোৱাহ পূৰ্ণ ৱেব চিৰিজ নিৰ্মাণ কৰি আইনী জটিলতা মাজত সোমাই পৰিছে জনপ্ৰিয় ছবি তথা ধাৰাবাহিক নিৰ্মাতা একতা কাপুৰ । মধ্য় প্ৰদেশৰ ইন্দোৰত একতা কাপুৰৰ বিৰুদ্ধে আৰম্ভ হৈছে মোকৰ্দমা । একতা কাপুৰে শেহতীয়াকৈ নিৰ্মাণ কৰা ৱেব চিৰিজ অতি আসোৱাপূৰ্ণ ভাৱে উপস্থাপন কৰা হৈছিল ভাৰতীয় সেনাৰ এক চৰিত্ৰ । তদুপৰি সেই চৰিত্ৰক কেন্দ্ৰ কৰি কেতবোৰ ঘটনা প্ৰবাসত ৱেব চিৰিজটোত উপস্থাপন কৰা হৈছিল । যিবোৰ দৃশ্যাংস আছিল অশ্লীলতাৰে ভৰপূৰ । এই ৱেব চিৰিজখনৰ বিৰুদ্ধে চলিত বৰ্ষৰ ৫ জুনৰ দিনাই মধ্যপ্ৰদেশ আৰক্ষীয়ে স্থানীয় অন্নপূৰ্ণ থানাত নিজাববীয়াভাবে গোচৰ ৰুজু কৰিছিল । ৪ মাহৰ পিছত শেহতীয়াকৈ এই গোচৰটোৰ মোকৰ্দমা আৰম্ভ হৈছে।উল্লেখযোগ্য যে বিতৰ্কীত ৱেব চিৰিজটো ভাৰতীয় সেনাৰ পোছাক পৰিধান কৰি এজন অভিনেতাই সেনাৰ চৰিত্ৰ ৰূপায়ন কৰিছে । কিন্তু বিপৰীত চৰিত্ৰৰ মহিলা অভিনেত্ৰীয়ে ফালি পেলোৱা দেখা গৈছে সেনাৰ সেই পোছাক এই দৃশ্য ভাৰতীয় সেনাৰ বাবে অপমানজনক ৰূপে পৰাগণিত হৈছে ।