Local, Vocal, Global

পথাৰত ভূই ৰুই থকা অৱস্থাত যুৱতীৰ ডিঙি চেপি হত্যাৰ চেষ্টা যুৱকৰ

বালিপৰাত যুৱতীক হত্যাৰ চেষ্টা

পথাৰত ভূই ৰুই থকা অৱস্হাত যুৱতীৰ ডিঙি চেপি হত্যাৰ চেষ্টা যুৱকৰ | কথমপি প্ৰাণ ৰক্ষা যুৱতীৰ | বালিপৰাত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা | বালিপৰাৰ জংঘলবস্তিৰ  এঘৰ লোকৰ  পথাৰত ভূই ৰুই থকা অৱস্হাত যুৱতীগৰাকীক সমীপতে কাম কৰি থকা এজন যুৱতে  পাছফালৰ পৰা ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ সময়তে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰে |

লগে লগে গঞা ৰাইজ  আহি  যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে | ধৃত যুৱকজন চঙেলীমাৰী গৌজিংবিলৰ দুলাল দৈমাৰী বুলি চিনাক্ত কৰা হয়