Local, Vocal, Global

নিজকে সাংবাদিক বুলি পৰিচয় ডবকাৰ এনাম চৌধুৰীৰ

নিজকে সাংবাদিক বুলি পৰিচয় দি ডবকা বাসীৰ নিদ্ৰা হৰণ কৰিছে এজন যুৱকে ৷ ফেচবুকত নিজৰ নামৰ সৈতে News শব্দ সংযোজন কৰি জন্ম দিছে পৰ্টেলৰ ৷

ডবকাৰ ভেলেউগুৰিৰ ভূৱা সাংবাদিক এনাম চৌধুৰীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগত এজাহাৰ ডবকা আৰক্ষী চকীত ৷ উল্লেখ্য যে নিজকে সাংবাদিক বুলি পৰিচয় দিয়া এনাম চৌধুৰী আচলতে টেম্পু চালক হে৷

যোৱা তিনি জুলাইত ডবকাৰ ভেলেউগুৰিত সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ ভিডিঅ কৰি ভোক্তভুগীৰ পৰা ধন দাবী কৰিছে এইজন  ভুৱা সাংবাদিকে ৷ কেৱল এয়াই নহয় ভেলেউগুৰিৰ চৌদিশে এক আতংকৰ সৃষ্টি কৰিছে এইজন স্বয়ম্ভু  সাংবাদিক ৷

আৰক্ষীয়ে এই ভুৱা  সাংবাদিক জনক নাকি লগোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে অঞ্চল বাসীয়ে ৷