Local, Vocal, Global

এ,টি,এম সলনি কৰিও লৈ যাব পাৰে আপোনাৰ ধন

ৰাজ্যেত প্ৰৱঞ্চকৰ নতুন কৌশল।  এ,টি,এম সলনি কৰিও লৈ যাব পাৰে আপোনাৰ ধন।

ৰাজ্যেত এতিয়া প্ৰৱঞ্চকে পাতিছে ধন ঘটাৰ নতুন নতুন জাল।আপুনিও পৰিব পাৰে সেই জালত। তেনে এক ঘটনা সংঘটিত হৈছে ধিঙত ধিং ষ্টেট বেংকৰ এ,টি, এমত ডুমডুমীয়াৰ কমলা খাতুন নামৰ এগৰাকী মহিলাই উঠাব গৈছিল ধন।

সেই সময়তে এ,টি,এমৰ সন্মুখত ৰখি থকা বোৰ্খা পৰিহিত আন এগৰাকী মহিলাই এ,টি, এম কাৰ্ডখন চোৱাৰ কথা কৈ তাইৰ হাতত থকা হেকমত আলী নামৰ এ,টি, এম খন দি কমলা খাতুনৰ এ,টি, এমখন লৈ যায় । কমলাই কেইমিনিট মান পিছতেই গম পাই তাইৰ একাউন্টৰ পৰা ১০হাজাৰ টকা উঠোৱা বুলি।লগে লগে কমলাই এ,টি,এম খনলৈ লক্ষ্য কৰে আৰু দেখে তাইৰ হাতত থকা কাৰ্ডখন বেলেগৰ।