Local, Vocal, Global

মুকলি হ’ল অটল সুৰংগ

মুকলি হ’ল ৰোহতাঙৰ সর্ববৃহৎ সুৰংগ পথ অটল সুৰংগ। বিশ্বৰ সৰ্ববৃহৎ সুৰংগ পথ অটল টানেলৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অৱশেষত সকলো বাধা আঁতৰিল। এই সুৰংগৰ দৈৰ্ঘ্য প্ৰায় ৯ কিলোমিটাৰ । সাগৰৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে অটল সুৰংগ৷ মানালী-লেহক সংযোগ কৰিছে সুৰংগটোৱে । বিশ্বৰ আটাইতকৈ দীঘল হাইৱে’ সুৰংগ হৈছে অটল সুৰংগ। প্ৰতিঘণ্টাত ৩,০০০খন সৰু বাহনৰ লগতে ১৫০০খন ট্ৰাক চলাচল কৰিব পাৰিব। এই সুৰংগই মানালীৰ পৰা লেহলৈ দুৰত্ব প্ৰায় ৪৬ কিলোমিটাৰ হ্ৰাস কৰিলে। ফলত মানালী-লেহ সংযোগী পাহাৰীয়া পথত যাত্ৰা সময়  ৫-৬ ঘণ্টা সময় ৰাহি হ’ব।