Local, Vocal, Global

SI প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ দুজনক

প্ৰসংগঃ SI প্ৰশ্নকাকত ফাদিলৰ ঘটনা

আৰক্ষীৰ জালত পৰিছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰিত জড়িত ইজনৰ পিছত সিজন লোক। শুকুৰবাৰে ডিব্ৰুগড়ত পুনৰ গ্ৰেপ্তাৰ দুজনক। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰিয় নাথ গগৈ ওৰফে জিণ্টু গগৈ। আনহাতে বৰপথাৰৰ পৰা দিলীপ গগৈ ওৰফে ভাই নামৰ আন এজনকো গ্ৰেপ্তাৰ তদন্তকাৰী দলে। লক্ষ্যণীয়ভাৱে প্ৰশ্নকাকত ফাদিলৰ দিনৰ পৰা পলাতক আছিল দুয়োজন।

উল্লেখ্য যে আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰা দুয়োজনে পলাতক পিকে দত্তৰ ঘনিষ্ঠ। ইতিমধ্যে দুয়োজনকে CIDৰ দলে গুৱাহাটীলৈ লৈ আহিছে। দুয়োজনক যুৱকক গ্ৰেপ্তাৰৰ পিছতে প্ৰমাণ হ’ল যে পলাতক কলংকিত পি.কে. দত্তৰ ডিব্ৰুগড়তো আছিল এক বিশাল নেটৱৰ্ক।