Local, Vocal, Global

At least 12 people killed in 51 terror attacks as Pakistan votes : সাধাৰণ নিৰ্বাচনৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণ;নিহত ১২জন,আহত ৩৯

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী : সাধাৰণ নিৰ্বাচনৰ মাজতে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । বৃহস্পতিবাৰে পাকিস্তানত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন । সাধাৰণ নিৰ্বাচনৰ মাজতে ব্যাপক কূটাঘাতমূলক ঘটনা সংঘটিত হয় । ভোটদানৰ মাজতে পাকিস্তানত সংঘটিত হয় ৫১ টাকৈ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । এই আক্ৰমণত দহগৰাকী নিৰাপত্তাৰক্ষীসহ কমেও ১২ গৰাকী লোক নিহত হয় । আহত হয় ৩৯ গৰাকীকৈ লোক(At least 12 people killed in 51 terror attacks as Pakistan votes) ।

পাকিস্তান ভিত্তিক দৈনিক বাতৰিকাকতখনে সামৰিক বাহিনীৰ মিডিয়া শাখা ইণ্টাৰ-ছাৰ্ভিচেছ পাব্লিক ৰিলেচনছৰ (আইএছপিআৰ) উদ্ধৃতি দি প্ৰকাশ কৰিছে, “নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ লক্ষ্যৰে ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

ইয়াৰে বেছিভাগ কেপি আৰু বেলুচিস্তানত সংঘটিত হয় । কিন্তু এই আক্ৰমণৰ ঘটনা স্বত্ত্বেও দেশৰ সেনাবাহিনীয়ে দৃঢ়তাৰে আৰু কাৰ্যকৰীভাৱে সমগ্ৰ পাকিস্তানত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰি আছে ।””সক্ৰিয় চোৰাংচোৱা কৌশল আৰু দ্ৰুত পদক্ষেপৰ জৰিয়তে বহুতো সম্ভাৱ্য আক্ৰমণ নিষ্ক্ৰিয় কৰা হয় । ই আমাৰ নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আমাৰ নিৰাপত্তা সংস্থাসমূহৰ অটল প্ৰতিশ্ৰুতিক প্ৰকাশ কৰে ।

আনহাতে, বিভিন্ন অভিযানৰ সময়ত পাঁচটা সন্ত্ৰাসবাদীও নিহত হয়(12 Killed In 51 Terror Attacks On Election Day In Pakistan) ।”

আনহাতে, এক বিবৃতিত আইএছপিআৰে কয় যে এই আক্ৰমণত নিৰাপত্তা বাহিনী আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ ১০ গৰাকী কৰ্মীসহ প্ৰায় ১২ গৰাকী লোক নিহত আৰু ৩৯ গৰাকী আহত হয়(12 killed in 51 terrorist attacks as Pakistan votes) ।

বৃহস্পতিবাৰে পাকিস্তানত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া পুৱা ৮ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত সামৰণি পৰে ।

লগতে পঢ়ক : Pakistan election : আজি পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান