93th Srimanta Sankardeva Sangha Convention in Rangia : আজিৰে পৰা ৰঙিয়াত আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশন
নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : আজিৰে পৰা ৰঙিয়াত আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশন । তিনিদিনীয়াকৈ আৰম্ভ হৈছে এই অধিবেশন । ৩ দিনীয়া এই অধিবেশনত অংশ ল’ব দেশৰ বিভিন্ন প্ৰান্তৰ বহু ভকত-বৈষ্ণৱ, আই-মাতৃয়ে। শুকুৰবাৰে পুৱাৰে পৰা বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ( 93th Srimanta Sankardeva Sangha Convention in Rangia)।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনত লক্ষ লক্ষ ভক্তৰ সমাগম লক্ষ্যৰে সকলো যাৱতীয়া ব্যৱস্থা সাজু হৈ উঠিছে। লগতে দূৰ দূৰণিৰ পৰা আহিব লগা ভকত ৱৈষ্ণবক আদৰিবলৈ আদৰণি সমিতি সাজু হৈছে ৷ অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খনকৈ শক্তিশালী উপ সমিতিয়ে দিনে- নিশাই কাম-কাজৰ বুজ লৈছে ।
ইফালে অধিৱেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰীতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে ৷একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷ নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই । মুঠতে এতিয়া উদুলি-মুদুলি হাতীখলা পথাৰ(Srimanta Sankardev Sangha’s convention, 93rd session will be held in Rangia)।