Local, Vocal, Global

Pakistan election : আজি পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : আজি পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান(Pakistan election) । পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বিয়লি ৫ বজালৈকে চলিব ভোটগ্ৰহণ।

ভোটগ্ৰহক কেন্দ্ৰ কৰি দেশজুৰি ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। যাতে দেশখনত মুঠ ১২৮,৫৮৫,৭৬০ জন পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব পাৰে । আজিৰ নিৰ্বাচনত ১৭ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, আজি দেশখনত ৯০ হাজাৰ ভোটকেন্দ্ৰত ১২.৮৫ কোটিৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰে ভোটদান কৰিব ৷ দেশজুৰি ভোটগ্ৰহণক কেন্দ্ৰ কৰি প্ৰায় ৬ লাখ ৫০ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । সন্ত্ৰাসবাদীৰ ভাবুকিৰ বাবে পাকিস্তানে ম’বাইল সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে(Internet access cut off as voting begins) ।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান জেলত থকাৰ সময়তে শ্বৰীফৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে । খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰাৰ্থীয়ে স্বতন্ত্ৰভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কাৰণ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে তেওঁৰ দলক চিনাকি নিৰ্বাচনী প্ৰতীক ক্ৰিকেট ‘বেট’ৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে ।

ECP (Election Commission of Pakistan) ৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় বিধানসভাৰ (NA) আসনৰ বাবে মুঠ ৫,১২১জন প্ৰাৰ্থীয়ে দৌৰত নামিছে । ইয়াৰ ভিতৰত আছে ৪৮০৭ জন পুৰুষ, ৩১২ জন মহিলা আৰু দুজন তৃতীয় লিংগৰ প্ৰাৰ্থী । চাৰিখন প্ৰাদেশিক বিধানসভাৰ বাবে ১২,৬৯৫ জন প্ৰাৰ্থীয়ে ক্ষেত্ৰখনত আছে, য’ত আছে ১২,১২৩ জন পুৰুষ, ৫৭০ জন মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী ৷

লগতে পঢ়ক : Pakistan explosions : নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত ধাৰাবাহিক বোমা বিস্ফোৰণ; নিহত ২৪জন, আহত কেইবাজনো