Local, Vocal, Global

Uttarakhand violence: উত্তৰাখণ্ডত হিংসাত্মক ঘটনা;নিহত ৪জন, আহত ২৫০

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা । বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত সংঘটিত হয় হিংসাত্মক ঘটনা(Uttarakhand violence) । যাৰ ফলত প্ৰায় ৪ জনলোক নিহত হোৱাৰ উপৰি ২৫০ জনতকৈ অধিকলোক আহত হয়। এই ঘটনাৰ পিছতে অঞ্চলজুৰি সান্ধ্য আইন জাৰি কৰে(4 dead, 250 injured, curfew imposed ) ।

জানিব পৰা মতে, এই ঘটনাত আহত হোৱা সকলৰ ভিতৰত বহু সংখ্যাক আৰক্ষী জোৱান, চৰকাৰী কৰ্মচাৰী আৰু বিষয়া ।

এই ঘটনাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উচ্চস্তৰীয় বৈঠক আহ্বান কৰি আৰক্ষীকে ধৰি বিভাগীয় কৰ্তৃপক্ষসমূহত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনায়। লগতে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে বনভুলপুৰাৰ ইন্দিৰা নগৰ অঞ্চলৰ মালিকৰ বাৰীত অবৈধ মাদ্ৰাছা আৰু মছজিদ ধ্বংস কৰাক লৈ এই হিংসাত্মক ঘটনাৰ সৃষ্টি হয়। ঠাইখিনিত অবৈধ বেদখলকাৰী উচ্চেদ কৰিবলৈ প্ৰশাসন উপস্থিত হৈছিল। প্ৰশাসনৰ লগতে উপস্থিত আছিল পৌৰ আয়ুক্ত পংকজ উপাধ্যায়, নগৰ দণ্ডাধীশ ৰিচা সিং, উপ-জিলা দণ্ডাধীশ পৰিতোষ বৰ্মাকে ধৰি উচ্চপদস্থ বিষয়াসকল। উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ সংখ্যক মহিলাকে ধৰি ক্ষুব্ধ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক শিল গুটি নিক্ষেপ কৰে।য’ত বহু আৰক্ষী আহত হয়(4 killed, over 250 injured in Uttarakhand violence; curfew imposed, schools shut, Internet snapped)।

দুৰ্বৃত্তই আৰক্ষীৰে বাহনতো অগ্নি সংযোগ কৰে। পৰিস্থিতি যেতিয়া অনিয়ন্ত্ৰিত হয় তেতিয়া আৰক্ষীয়ে ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য় হয়।

এই ঘটনাৰ পাছতেই চহৰখনত ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়ে লগতে সান্ধ্য আইন জাৰি কৰে। বিদ্যালয়, মহাবিদ্যালয়ো বন্ধ ঘোষণা কৰে। লগতে দুৰ্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। বৰ্তমান ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে(4 Dead, 250 Injured in Violence Over Demolition of Illegal Madrasa in Uttarakhand)।

লগতে পঢ়ক : Mumbai’s Facebook live murder: ফেচবুক লাইভ চলি থকাৰ সময়তে গুলীয়াই হত্যা শিৱসেনাৰ নেতা