পৃথিৱীৰ দিশে আহি আছে এক বৃহৎ মহাবিপদ

এটাৰ পিছত আনটো প্ৰত্যাহ্বানে ক্ৰিয়া কৰি আছে ২০২০ বৰ্ষত। মহামাৰী কৰ’নাই বিশ্ববাসীক বিপদগ্ৰস্থ কৰাৰ সমান্তৰালকৈ আহিছে আন এক বিপদ।
তীব্ৰ ঘটিত পৃথিৱীলৈ আহি আছে এক মহাবিপদ। প্ৰতি চেকেণ্ডত ৮.৬৬ কিলোমিটাৰ গতিত পৃথিৱীলৈ আহি আছে এক মহাবিপদ। মহা আকাশত সংঘটিত হ’ব মহা অঘটন।
আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাই প্ৰকাশ কৰা অনুসৰি ১৪ ছেপ্টেম্বৰ তাৰিখে পৃথিৱীৰ ওচৰেৰে এক এষ্টোৰাইড পাৰ হৈ গৈছিল যদিও কোনো ধৰণৰ বিপদ সংঘটিত হোৱা নাই। লক্ষ্যণীয়ভাৱে ১৭ ছেপ্তম্বৰৰ দিনাখনো পৃথিৱীৰ ওচৰেৰে আন এক এষ্টোৰাইড পাৰ হৈ যোৱাৰ অনুমান কৰিছে নাছাই। ১৭ ছেপ্টেম্বৰৰ নিশা ১১.৫০ বজাত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ গুচি যাব এষ্টোৰাইডটো।
কিন্তু এইবাৰ এষ্টোৰাইডটো ইমান বেছি তীব্ৰ বেগত পাৰ হৈ যাব যে সহজে দৃষ্টিত পৰাটো কিছু কঠিন লগতে এইবাৰ পাৰ হৈ যাব লগা আকাৰ বিশাল। বিশাল আকাৰ এষ্টোৰাইডটোৰ নাম এষ্টোৰাইড ২০১৪।
ইয়াৰ লগতে নাছাই প্ৰকাশ কৰিছে যে এই পৰিঘটনাৰ বাবে কোনো বিশেষ চিন্তাৰ কাৰণ নাই। আকাৰত ডাঙৰ অথবা গতিবেগ অতি তীব্ৰ হ’লেও এষ্টোৰাইডটোয়ে পৃথিৱীক খুন্দা নামাৰে।
অৱশ্যে নাছাই এই ক্ষেত্ৰত কোনো বিশেষ চিন্তাৰ কাৰণ নাই বুলি প্ৰকাশ কৰিছে। গতিবেগ অতি তীব্ৰ লগতে আকাৰত ডাঙৰ হ’লেও ই পৃথিৱীক খুন্দা নামাৰে।