Local, Vocal, Global

ঐতিহাসিক বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান

ঐতিহাসিক বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান৷ অহা ৩০ ছেপ্টেম্বৰত বাবৰি মছজিদ ধ্বংসৰ ৰায়দান দিব দিল্লীৰ এখন বিশেষ আদালতে৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে বিজেপি নেতাৰ নেতৃত্বত কৰ সেৱকে ধ্বংস কৰিছিল বাবৰি মছজিদৰ এটি গুৰুত্বপূৰ্ণ অংশ৷ উক্ত ঘটনাই ভাৰতীয় ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে সামাজিক সংহতিলৈ ভাবুকি কঢ়িয়াই আনিছিল৷ এই ঘটনাৰ গোচৰত অভিযুক্ত হৈছিল ৩২গৰাকীকৈ লোক৷ অভিযুক্তসকলৰ তালিকাত আছিল জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, জ্যেষ্ঠ বিজেপি নেত্ৰী উমা ভাৰতীৰ লগতে ৰাজস্থানৰ প্ৰাক্তন গৱৰ্ণৰ কল্যাণ সিঙৰ নাম৷

উল্লেখ্য যে মুৰুলী মনোহৰ যোশী আৰু লালকৃষ্ণ আদৱানীয়ে জুলাই মাহত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গোচৰ সন্দর্ভত নিজৰ বক্তব্য প্ৰদান কৰিছে৷