Local, Vocal, Global

কামৰূপ জিলাৰ হাজোত বানৰ তাণ্ডৱ

ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ হাজোত বানৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠা পুঠিমাৰী নদী আৰু ভৈৰাতোলা নদীৰ বাঢ়নি পানী সোমাই জলমগ্ন কৰে বিস্তীৰ্ণ অঞ্চল। শনিবাৰে পুৱাৰে পৰা পুঠিমাৰী আৰু ভৈৰাতোলা নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলায় বৰ্ণি, আধিয়াৰপাৰা, মেলেকীপাৰা, দেহৰকুৰিহা, দ’ বৰ্ণি, খলিহামাৰীৰ, শনিয়াদি, কিছমত কুৰিহাকে আদিকে ধৰি কেইবাখনো ৰাজহ গাঁও। আকষ্মিকভাৱ নদীৰ পানী সোমাই অহাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ আজি পুৱাৰে পৰা বানে তাণ্ডৱ চলোৱা গাঁওকেইখনত বহুলোকে ঘৰ-বাৰী এৰি ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰে। আনহাতে, বৰ্ণিৰ উপস্বাস্হ্য কেন্দ্ৰৰ গৃহৰ ভিতৰত পানী সোমোৱাত নাৰ্ছ এগৰাকীযে নাৱেৰে অন্য স্থানলৈ যাবলগীয়াত পৰিছে।

কিছু লোকে কলৰ ভূঁৰৰ সহায়ত যাতায়ত কৰিবলগীযা হৈছে। আনহাতে কৃষকসকলৰ ধান খেতি পানীৰ তলত। কিছুমানে ধান কাতি মৰনা মাৰিব পৰা নাই। কৃষকৰ বিলৈ-বিপত্তি নোহোৱা হৈছে। আৰু বৰ্ণি অঞ্চলৰ কেইবাটাও গড়কাপ্তানী পথৰ ওপৰত বানপানী। যিকোনো মূহুৰ্ততে বন্ধ হৈ যাব পাৰে যাতায়াত ব্যৱস্থা। বহুলোকৰ ঘৰ-চোতালত একঁকাল-এবুকুলৈকে পানী হোৱাত একপ্ৰকাৰ আলৈ-আথানিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কিন্তু বৰ্তমানেও প্ৰশাসনীয় লোকে কোনো খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।