Local, Vocal, Global

চিলাপথাৰত নৈশ পাৰ্টীত যুৱতীৰ মৃত্যু

চিলাপথাৰত নৈশ পাৰ্টীত যুৱতীৰ মৃত্যু

পাৰ্টীত অংশ গ্ৰহণ কৰা ২ যুৱক আটক

আৰক্ষীৰ অভিযান অব্যাহত

সন্ধিয়া হলে নৈশ পাৰ্টী আৰু এই পাৰ্টী উপভোগ কৰা একাংশ উচ্ছৃংখল যুৱক এইবাৰ বিপদত পৰিল। একাংশ যুৱক-যুৱতীয়ে নৈশ ক্লাবৰ দৰে অপ-সংস্কৃতিৰে ক’ৰনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ মাজতে পুৱতি নিশা ১২ৰ পৰা ১ বজালৈকে নিচাজাতীয় দ্ৰব্য সেৱন কৰি সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ মাজতে বুধবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত নৈশ পাৰ্টীত এগৰাকী যুৱতীৰ মৃত্যু হয়। ২৩ বছৰীয়া যুৱতীগৰাকী চিলাপথাৰ অকাজান গাঁৱৰ বুলি ৰাইজে সদৰী কৰিছে। পাৰ্টী চলি থকাৰ মাজতে যুৱতীগৰাকীৰ মৃত্যু হয়। মৃত অৱস্থাত যুৱতীগৰাকীক এৰি  নৈশ পাৰ্টী পৰা বাকী সকলোৱে পলায়ন কৰিছিল। আৰক্ষীয়ে নৈশ পাৰ্টীত অংশগ্ৰহণ কৰা  অন্যান্য সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত গোচৰ ৰুজু কৰিছে। পৰিকল্পিত হত্যা নে আন কিবা সেয়া ৰহস্য, আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ঘটনটোৰ লগত জড়িত নুমল পেগু আৰু লাচিত পেগু নামৰ  দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।  ভাৰতীয় দণ্ড বিধিৰ ৩৯০ আৰু ৩২০ নং ধাৰাৰ অধীনত চিলাপথাৰ থানাত এটি গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।