১৪ এপ্ৰিলত মুকলি হ’ব অসমৰ প্ৰথমখন AIIMS

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIIMSপৰিদৰ্শন কৰে ৷নিৰ্মাণ কাৰ্যৰ বুজ ল’বলৈ উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি কয় যে ইতিমধ্যে ৯০শতাংশ কাম সম্পূৰ্ণ হৈছে AIIMSৰ। OPD সেৱাও ইতিমধ্যে আৰম্ভ হৈছে ৷ ১৪ এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়খনত ১৫০খন বিচনাযুক্ত IPD সেৱাও আৰম্ভ কৰিব পৰা যাব ।প্ৰধানমন্ত্ৰীৰ অনুমতি পালে উক্ত ১৪ এপ্ৰিলৰ বিশেষ দিনটোত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে উদ্বোধন হব চাংসাৰীৰ ।বিহুক বিশ্ববাসীৰ মাজত পৰিচয় কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত সৰু সজাইত অনুষ্ঠিত হ’ব এক বৰ্ণাঢ্য কাৰ্য্যসূচী ৷ আৰু অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উক্ত অনুষ্ঠানৰ মাজতে চাংসাৰীত নৱনিৰ্মিত এইমছৰ মুকলিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷