২৪ মাৰ্চৰ পৰা পবিত্ৰ ৰমজান মাহ, সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মী লোক সকলে পালন কৰিব ৰোজা…
ডিজিটেল ডেস্ক:- কাইলৈৰ পৰা আৰম্ভ হ’ব ৰমজানৰ ৰোজা ।আজিৰে পৰা পঢ়িব ৰমজানৰ তাৰবীৰ নামাজ। মাহজোৰা ৰোজাৰ অন্তত ঈদৰ আয়োজন। ভাৰতকে ধৰি বিশ্বৰ বহুকেইখন দেশত আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মৰ হিজৰী কেলেণ্ডাৰমতে ৩৫৪ দিনৰ মূৰে মূৰে চন্দ্ৰকলা হয় আৰু সেই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয়। চৌদী আৰৱে জনাইছে যে ২৩ এপ্ৰিলত ৰমজান মাহৰ প্ৰথম দিনটো উদযাপন কৰিব। চৌদী আৰৱত কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ভাৰত, পাকিস্তান, বাংলাদেশকে ধৰি এছিয়াৰ দেশসমূহত ২৪ মাৰ্চৰ ৰাতিৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ।
ৰমজান হৈছে বিশ্বৰ আটাইতকৈ শুভ উৎসৱ বোৰৰ ভিতৰত এটা যাক মুখ্যতঃ মুছলমানসকলে উদযাপন কৰে। এই শুভ উৎসৱটো শুকুৰবাৰৰ পৰা অসমত আৰম্ভ হ’ব। এই পবিত্ৰ মাহত, মুছলমানসকলে ৰোজা নামৰ ৩০ দিনৰ বাবে উপবাস পালন কৰে আৰু আল্লাৰ নামত আধ্যাত্মিকভাৱে নিজকে নিয়োজিত কৰে।