Local, Vocal, Global

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা!৩ মহলীয়া অট্টালিকা ভাগি শিশুসহ ৩জনৰ মৃত্যু…

ডিজিটেল ডেস্ক:- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা।বৃহস্পতিবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এটা তিনিমহলীয়া অট্টালিকা খহি পৰে। ফলত কমেও তিনিজন লোক নিহত হয় আৰু আন পাঁচজন আঘাতপ্ৰাপ্ত হয়।বাতৰি অনুসৰি, মৃতসকলৰ ভিতৰত আছে বিহাৰৰ বাসিন্দা দুটা শিশু আৰু এজন লোক। তেওঁলোকক এছ দুৰ্গাপ্ৰসাদ (১৭), এছ. অঞ্জলি (১০) আৰু ছোটু (২৭) বুলি চিনাক্ত কৰা হৈছিল। ইফালে, আহতসকলক ততাতৈয়াকৈ কেজি চিকিৎসালয়লৈ লৈ যোৱা হয়। স্থানীয় লোকসকলে কয় যে প্ৰায় দুই দশক পুৰণি অট্টালিকাটো পুৱা প্ৰায় ১.৩০ বজাত খহি পৰে।অট্টালিকাটোৰ দাঁতিকাষৰীয়া স্থানত প্ৰতিৱেশীয়ে স্থাপন কৰিছিল ব’ৰিং।নতুনকৈ আন এটা অট্টালিকাৰো নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। যাৰ ফলত দুৰ্বল হৈ পৰিছিল পুৰণি অট্টালিকাটোৰ আন্তঃগাঁথনি।