অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা বাতিল

অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ। কেৱল ২৫ খনকৈ পতাকা উত্তোলনৰে অনুষ্টুপীয়াকৈ শুভাৰম্ভ হ’ব বছৰজোৰা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী। কৰ’নাৰ ভয়াৱহতাৰ বাতিল অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা। উল্লেখে যে এইবেলি গ্ৰন্থমেলাৰ পৰিবৰ্তে কেৱল শিশুসকলৰ বাবে অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰা হ’ব জনাই শাৰদীয় শিশু গ্ৰন্থ মেলাৰ বিষয়ববীয়াই। লগতে জনাই যে কৰ’নাৰ ভয়াৱহতাৰ অন্তহে বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। এক সাধাৰণ সভাত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি আনুষ্ঠানিক ঘোষণা পুৰণিগুদাম প্ৰেছ ক্লাৱে। পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা খনৰ সন্দৰ্ভত কোনো উৰাবাতৰিকে প্ৰশ্ৰয় নিদিবলৈ ৰাইজক আহ্বান পুৰণিগুদাম প্ৰেছ ক্লাৱৰ।