Local, Vocal, Global

ৰাজনীতিলৈ ইজনৰ পিছত সিজনকৈ ৰাজ্যৰ সাংস্কৃতিক কৰ্মী

ৰাজ্যৰ  শিল্পী, কলা-কুশলীৰ ৰাজনৈতিক দলত যোগদান কৰাৰ উজান উঠিছে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ কিছুমাহ বাকী থকাৰ পূৰ্বেই কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে৷ ৰাজনৈতিক দলৰ কুচকাৱাজত সাৰ-পানী যোগাইছে অসমৰ একাংশ শিল্পী, কলা-কুশলীয়ে৷ বিগত কিছুদিনৰ পৰা অসমৰ একাংশ গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত লোকৰ ৰাজনীতিৰ পথাৰত আগমন তীব্ৰতৰ হ’ব ধৰিছে৷

প্ৰথমে বিদ্যা সাগৰ আৰু আশা বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ পিছত আজি পুনৰ বিজেপিত যোগদান কৰিব কুৰিৰো অধিক শিল্পী, কলা-কুশলীয়ে৷ আজি বিজেপিত যোগ দিব গায়ক সীমান্ত শেখৰ, বাঁহীবাদক দীপক শৰ্মা, বিহুৱতী ড্ৰিমলী গগৈ, কৰিঅ’গ্ৰাফাৰ পংকজ ইংতি, অভিনেতা পল ফুকন, অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ৰেবা ফুকন প্ৰমুখ্যে প্ৰায় কুৰিৰো অধিক শিল্পীয়ে৷

শাসকীয় দলৰ সমান্তৰালকৈ ‘২১ৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে বিৰোধী দল কংগ্ৰেছেও৷ আজি কংগ্ৰেছত যোগ দিব কণ্ঠশিল্পী বাবু বৰুৱা, অজয় ফুকন নেকিব, ৰেকিবুলকে প্ৰমুখ্য কৰি বহুকেইজন শিল্পীয়ে৷

কৰ’নাৰ ভয়াৱহতাৰ মাজতো শিল্পী, কলা-কুশলীৰ ৰাজনৈতিক আগমনে ৰাইজক হতচকিত কৰি তুলিছে৷ লকডাউনত শিথিলতা আহিছে যদিও দুখ-কষ্টৰ ডাৱৰে আৱৰি আছে সৰ্বসাধাৰণ ৰাইজক৷ কিন্তু ৰাজনৈতিক দলসমূহে কৰ’নাক একাষৰীয়া কৰি সপোন দেখিছে ২০২১ত দিছপুৰত সিংহাসন দখলৰ৷