Local, Vocal, Global

ৰাজ্যত ৯২ হাজাৰ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১৮৭৯ গৰাকী । নতুনকৈ আক্ৰান্ত সকলৰ ৪৭১ গৰাকী কামৰূপ মহানগৰৰ আৰু ১৩৩ গৰাকী কাছাৰৰ, ডিব্ৰুগড়ৰ ১৪৩ গৰাকী আৰু ১৩৮ গৰাকী যোৰহাট জিলাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত আৰোগ্য লাভ কৰে ২১৯০ গৰাকী ৰোগীয়ে । ইয়াৰ বিপৰীতে মৃত্যু হয় ১০ গৰাকীৰ ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৯২,৬১৯ গৰাকী । আৰোগ্য হৈ ঘৰলৈ উভটিছে ৭৩,০৯০ গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৯,২৭৪ গৰাকী লোক । ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৫২ গৰাকীৰ।

কৰ’না আক্ৰান্তৰ লোকৰ সংখ্যাই হ্ৰাস পালেও ৰাজ্যত বৃদ্ধি পাইছে ৰাজ্যত আক্ৰান্ত লোকৰ হাৰ। বিগত ২৪ ঘন্টাত ২৮,৬৭০ গৰাকী লোকৰ স্বোৱাপ পৰীক্ষা সম্পন্ন কৰিছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টা আক্ৰান্ত লোক হাৰ ৬.৫৫ শতাংশ।