Local, Vocal, Global

তিনিচুকীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

মঙলবাৰে পুৱাই তিনিচুকীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ হাতীগড় বাইপাছত তীব্ৰবেগী ট্ৰাকে মহটিয়ালে নিতাই নামৰ ড্ৰাইভিং চেণ্টাৰৰ এখন বাহনক। বাহনখনক  খুন্দিয়াই পলায়ন কৰে তীব্ৰবেগী ট্ৰাকখন। দুৰ্ঘটনাত থিতাতে নিহত হয়  ড্ৰাইভিং চেণ্টাৰৰ বাহনখনত থকা হিমাংশু মৰাণ নামৰ এজন ছাত্ৰ লগতে গুৰুতৰভাৱে আহত হয় তিনিগৰাকী।  আঘাতপ্ৰাপ্তসকলক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ তিনিচুকীয়া দিশৰ পৰা অহা তীব্ৰবেগী যানবাহন কঢ়িয়াই অনাৰ ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰি মাকুম দিশে পলায়ন কৰে। প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য অনুসৰি ট্ৰাকখনৰ নম্বৰৰ চাৰিটা সংখ্যা আছিল ৫০৩১৷  ঘটনাস্থলীত উপস্থিত  হৈছে বাৰেকুৰি থানাৰ আৰক্ষী  আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷