এজাক বৰষুণৰ বাবে আপুনি অপেক্ষাৰত নেকি?

আহিনৰ প্ৰথম সপ্তাহটো তীব্ৰ গৰমে দহিছে সমগ্ৰ ৰাজ্য৷ কুঁৱলী পৰা এই সময়তো উৎকট গৰমে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক৷ কিন্তু গৰমে জ্বলাকলা খুৱা এইসময়ত ৰাজ্যবাসীলৈ আহিছে এক সু-খবৰ৷ ভাৰতৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আহিছে ই সুখবৰ৷
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক ৪৮ ঘণ্টাত অসমত হব প্ৰবল বৃষ্টিপাত৷ ২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰত অসম তথা উত্তৰ-পূবত হব প্ৰৱল বৃষ্টিপাত৷ উল্লেখ্য যে উৎকট গৰমে দহা ৰাজ্যবাসীক এজাক বৰষুণৰ আৱশ্যক হৈ পৰিছে৷