Local, Vocal, Global

চাকৰিৰ নিযুক্তি পৰীক্ষা এতিয়াৰ পৰা পাতিব বিশ্ববিদ্যালয়ে

এছ আই প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিন্ধান্ত। এতিয়াৰে পৰা ৰাজ্যৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহে। ৰাজ্যৰ চাৰিখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় পৰীক্ষা অনুষ্ঠিত  কৰিব বাবে অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাতিব আৰক্ষী, হোম গাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্যালয়ে পাতিব উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা। শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে পাতিব সমাজ কল্যাণ আৰু ছয়ল কনজাৰ্ভেশ্যনৰ নিযুক্তি পৰীক্ষা আৰু তেজপুৰ বিশ্ববিদ্যালয়ে পাতিব জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা।

একাংশ ব্লেক লিষ্টেত কোম্পানীয়ে পৰীক্ষা অনুষ্ঠিত কৰা বুলি ৰাজ্যত প্ৰায়ে  অভিযোগ উত্থাপন হৈছিল লগত ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া নিকা কৰা উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।