Local, Vocal, Global

ৰে’ল যাত্ৰীৰ বাবে সুখবৰ, ৩০ মিনিট পূৰ্বেও বুকিং কৰিব পাৰিব টিকট

আপুনি যদি ৰে’ল যাত্ৰা কৰে তেন্তে টিকট বুকিঙৰ বাবদ চাগে আপুনি দুৰ্ভোগ ভুগে। কিন্তু শেহতীয়াকৈ ৰে’ল যাত্ৰী সকলৰ বাবে আহিছে এক ভাল খবৰ। এতিয়াৰে পৰা আপুনি ৰে’ল যাত্ৰাৰ ৩০ মিনিট পুৰ্বে বুকিং কৰিব পাৰিব টিকট। উল্লেখ্য যে ৰেল’ ষ্টেচন এৰাৰ ৫ মিনিট পূৰ্বে উপলব্ধ হ’ব টিকট।

কৰ’নাৰ ভয়াৱহতা বাবে ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰা হৈছে। সলনি কৰা হৈছে Reservation Chartৰো। এতিয়াৰে পৰা যাত্ৰাৰ ৩০ পৰা ৫ মিনিটৰ পূৰ্বে প্ৰস্তুত কৰা হ‘ব দ্বিতীয় চাৰ্ট। উল্লেখ্য যে ইয়াৰ পূৰ্বে যাত্ৰাৰ ২ ঘন্টাৰ পূৰ্বেই প্ৰস্তুত কৰা হৈছিল এই চাৰ্টৰ। আনহাতে ৰে’ল যাত্ৰা কৰাৰ ৪ ঘন্টা পূৰ্বে মুকলি হ’ব প্ৰথম সংৰক্ষণ চাৰ্ট। উল্লেখ্য যে, অনলাইন বা ৰে’লৱে কাউন্টাৰোতো যাত্ৰাৰ ৩০ মিনিট পূৰ্বে বুকিং কৰিব পাৰিব টিকট।