Local, Vocal, Global

এতিয়াৰে পৰা বিনামূলীয়া নহয় কৰ’না পৰীক্ষা

বন্ধ হ’ল বিনামূলীয়া ক’ভিড পৰীক্ষা। কেন্দ্ৰীয় চৰকাৰে কৰ’না টেষ্টিং কীটৰ সাহায্য বন্ধ কৰি দিয়াৰ পিছত মেঘালয় চৰকাৰে বিনামূলীয়া কভিড টেষ্টিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনচঙে প্ৰকাশ কৰে যে ১৬ অক্টোবৰৰ পৰা ৰাজ্যখনত কৰ’না পৰীক্ষাৰ বাবে ৫০০ পৰা ৩২০০ টকা আদায় লোৱা হব। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ১৬ অক্টোবৰৰ পৰা যিসকল বহিঃৰাজ্যৰ লোকে প্ৰৱেশ কৰিব তেওঁলোকে ৫০০ টকাৰ বিনিময়ত বাধ্যতামূলক কৰ’না ৰেপিড টেষ্টিং কৰিব লাগিব লগতে যিসকল লোকে আৰ টি-পি চি আৰ টেষ্ট কৰাব বিচাৰে তেওঁলোকে ৩২০০ টকা আদায় দিব লাগিব। উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে কৰ’না পৰীক্ষা সম্পন্ন কৰিব লগীয়া ৯খন হাস্পতালৰ নামো প্ৰকাশ কৰে।