Local, Vocal, Global

মৎস্য পালক সকলৰ বাবে সুখৱৰ !

বিশ্বত্ৰাস কৰ’না ভাইৰাছে আৰ্থিক ভাৱে জুৰুলা কৰা মৎস্য পালক সকলৰ বাবে সুখৱৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাৱলম্বী ভাৰতক বাস্তৱিক কৰাৰ লক্ষ্য মীন উন্নয়ন নিগমৰ । ৰাজ্যৰ ৫০০০ হেক্টৰ ‌মাটিকালিৰ ২০ খন বিলত ৫ কোটি মাছৰ পোনা এৰি দিয়াৰ পৰিকল্পনা লৈছে ‘অসম মীন উন্নয়ন নিগমে‌’ । পৰিকল্পনাৰ অংশ হিচাপে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ঘোৰাজান বিলত এৰি দিয়া হয় এক লাখ মাছৰ পোনা । মৎস্যজীৱি সকলৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজত মাংগলিক পৰ্বৰে ঐতিহাসিক বিলখনত মাছৰ পোনা এৰি দিয়ে ‘অসম মীন উন্নয়ন নিগম’ৰ বিষয়া‌ কৰ্মচাৰী সকলে ।