আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস
মানুহৰ মাজৰ মানসিক স্বাস্থ্য সজাগতা বৃদ্ধি কৰা আৰু মানসিক ভাবে সুস্থ হোৱাৰ বাবে ১০ অক্টোবৰৰ দিনটো বিশ্ব স্বাস্থ্য মানসিক দিৱস হিচাপে পালন কৰা হয়। মানসিক ভাগৰে আৰু শৰীৰক ভাবে যেতিয়া আমি মনটোক অচেতন কৰি পেলাও তেতিয়া সঁচাকৈয়ে আমাক এজন মানসিক চাপ কমোৱা বিশেষজ্ঞৰ প্ৰয়োজন হয়।
বিভিন্ন সময়ত পঢ়াৰ বোজা,কেৰিয়াৰ চিন্তা,ঘৰুৱা অশান্তি,বন্ধুত্ব,উদ্বিগ্নতা বৃদ্ধি সম্পৰ্কীয় কথাই আমাক মানসিক ভাৱে কেতিয়াবা ভাৰসাম্য বিকল কৰে।
মানসিক চাপে যেতিয়া মানুহক শাৰীৰিক ভাবে অসুস্থ কৰে তেতিয়া কোনো কামেই ভালদৰে কৰিব নোৱাৰে তথা ব্যৰ্থ হয়।
এনে সমস্যা দীৰ্ঘদিনলৈ থাকিলে কোনোলোক ডিপ্ৰেছনত যাব পাৰে আৰু এই সমস্যা আমি প্ৰায়ে আমাৰ সমাজত দেখি আহিছো। ই কেতিয়াবা কোনোলোকক আত্মহত্যাৰ দিশলৈও টানি নিয়ে অথবা এক বিদ্ৰোহী মনৰৰো সৃষ্টি কৰে। যাৰ বাবে আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা লগতে আমি বৰ্তমান সময়ত এনেকিছুমান ঘটনা দেখিবলৈ পাওঁ যিয়ে সমাজখনত বাৰুকৈ প্ৰভাৱ পেলাই।এইবোৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়,সেয়ে আজিৰ এই দিনটোত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰে। কাৰণ শাৰীৰিক স্বাস্থ্য লগতে মানসিক স্বাস্থ্যও মানুহৰ বাবে খুবেই প্ৰয়োজন। দেশত প্ৰায় কমেও ২৬৪ মিলিয়ন লোক মানসিক চাপত ভোগে।
বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ আৰম্ভণি হৈছিল ১৯৯২ চনত। সংযুক্ত যুক্তৰাষ্ট্ৰৰ উপমহা সচিব ৰিচাৰ্ড হান্টাৰ আৰু World Health Federation For Mental Health সংস্থাই আৰম্ভণি কৰিছিল এই দিৱসৰ। ১৯৯৪ চনত সংযুক্ত যুক্তৰাষ্ট্ৰৰ মহাসচিব য়ুজীন ব্ৰন্ডিয়ে পৃথিৱীত মানসিক স্বাস্থ্য সেৱাৰ গুণগত শুধৰণি শীৰ্ষক এটা থীম প্ৰস্তুত কৰি মানসিক সেৱা পালন কৰা অনুমতি প্ৰদান কৰিছিল । তেতিয়াৰে পৰা ১০অক্টোবৰ দিনটোক বিশ্ব স্বাস্থ্য মানসিক দিৱস হিচাপে পালন কৰি আহিছে। এই বিশেষ দিনটোত বেঙুনীয়া ৰংটো ব্যৱহাৰ কৰা হয় ।