Local, Vocal, Global

ৰাজ্যত হ’ব কেইবাখনো নতুন টোলগেট। ক’ত ক’ত হ’ব টোলগেট?

কৰ সংগ্ৰহৰ বাবেই চৰকাৰে লৈছে এটাৰ পিছত এটাকৈ অবিবেচকী কাণ্ড। ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে লৈছে টোলগেট স্থাপনৰ সিদ্ধান্ত ।ৰাজ্যত ৬০ কিলমিটাৰৰ অন্তৰে অন্তৰে হব একোখনকৈ হব টোলগেট।এতিয়া গুৱাহাটীৰ পৰা উজনিলৈ যোৱা এখন সৰু গাড়ীয়ে দিব ১৮০ টকা পৰ্যন্ত কৰ।ৰহা,সোণাপুৰ, বৰ্তমান ৰাজ্যত সম্প্ৰতি ৬ খনকৈ টোলগেট চলি আছে। অচিৰেই মুকলি হ’ব বগীবিল,লখিমপুৰ আৰু গোলাঘাটত তিনিখনকৈ টোলগেট লগতে দেৰগাঁও আৰু জাঁজী-ডিমৌৰ মাজত হব দুখন।পুনৰ মুকলি হ’ব বন্ধ হৈ থকা কলিয়াভোমোৰা টোলগেট । ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ এটা শীৰ্ষ সূত্ৰ মতে সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰাত নিৰ্মাণ কৰি থকা দলং খনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে মুকলি কৰা হব টোলগেট।