Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা । বৃহস্পতিবাৰৰ দিনটোৰ ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২১১৬ গৰাকী। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৩৮৯গৰাকী কামৰূপ মহানগৰৰ, ১৭৫গৰাকী কাছাৰৰ, ১১৬গৰাকী ডিব্ৰুগড়ৰ আৰু ১১২গৰাকী বৰপেটা জিলাৰ। বুধবাৰৰ দিনটোৰ ৰাজ্যত আৰোগ্য লাভ কৰে ২৭৭২গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ৮ লোকৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত ৮৬,০৫২গৰাকী লোক। বৰ্তমানলৈ ৰাজ্যত ৬৩,১২০গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত আছে ২২,৭০৮গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃতকৰ সংখ্যা ২২১গৰাকীলৈ বৃদ্ধি।
বিগত ২৪ ঘন্টাত ৰাজ্যত ৩৪,৩৭৬গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.০৪ শতাংশ।