Local, Vocal, Global

বড়ো সাহিত্যৰ সাহিত্যিক ধৰণীধৰ ওৱাৰীৰ দেহাৱসান

বড়ো সাহিত্যৰ বিশিষ্ট লেখক-সাহিত্যিক, শিক্ষক, সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ ওৱাৰীৰ দেহাৱসান। বৃহস্পতিবাৰে দেহাৱসান ঘটে বিশিষ্ট সাহিত্যিকগৰাকীৰ। সাহিত্য অকাডেমী, বড়ো সাহিত্য সভাৰ সামেশ্বৰী সোঁৱৰণী বঁটা আৰু প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত মৰ্মাহত সমগ্ৰ ৰাজ্য। ধৰণীধৰ ওৱাৰীৰ দেহাৱসান বড়ো সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ধৰণীধৰ ওৱাৰীৰ বিয়োগত সৰভোগ সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাসৰ শোক প্ৰকাশ।