Local, Vocal, Global

ভূৰাগাঁৱত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত বছৰ বছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ। বান-গৰা খহনীয়াত জাহ গৈছে অঞ্চলটোৰ অৰ্ধ শতাধিক গাঁৱৰ উপৰিও বহু বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান। আধুনিক বৈজ্ঞানিক পদ্ধতিৰে গৰা খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ লগতে বান-গৰা খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালক উপযুক্ত চৰকাৰী সাহায্য প্ৰদানৰ দাবীত মৰিগাঁও জিলাৰ ভূৰাগাঁৱত মথাউৰিৰ ওপৰত আমছুয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদৰ অন্তত ভূৰাগাঁও ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে আমছুয়ে। শীঘ্ৰেই চৰকাৰে দাবীসমূহ মানি নল’লে মৰিগাঁৱৰ পৰা পদযাত্ৰা কৰি দিছপুৰ ঘেৰাও কৰাৰো হুংকাৰ দিয়ে ছাত্র সংগঠনটোৱে।