ৰাজ্যত ২৪ ঘন্টাত আক্ৰান্তৰ হাৰ ৮.৩৩ শতাংশ

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ১,২৯২গৰাকী। উল্লেখযোগ্য যে ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,২৫১গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ১৬ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৪২২গৰাকী কামৰূপ মহানগৰৰ, ১৩৪গৰাকী যোৰহাটৰ আৰু ১০৭গৰাকী লখিমপুৰৰ ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪১হাজাৰ ৭৬৩গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,১৫৮গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১৩হাজাৰ ১৩৩গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৪৬৯গৰাকী লোকৰ।
ৰবিবাৰৰ দিনটোত ৰাজ্যৰ স্বাস্থ্য বিভাগে ১৫,৫১৫ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু ৰবিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৮.৩৩ শতাংশ।