Local, Vocal, Global

বৰপেটাৰোডত সৰৱ হৈছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ

বৰপেটাৰোডত ক্ৰমাণ্বয়ে সৰৱ হৈছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ। আৰু তাৰ লগে লগে সৰৱ হৈ উঠিছে বৰপেটাৰোড আৰক্ষীও। বৰপেটাৰোড আৰক্ষীয়ে শনিবাৰে নিশা এখন মটৰচাইকেল আৰোহীৰ পৰা উদ্ধাৰ কৰে ব্ৰাউন চুগাৰ৷ যুৱক দুজন বঙাইগাঁৱৰ পৰা আহি থাকোতে বৰপেটাৰোডৰ শিমলাগুড়ীৰ পৰা জব্দ কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS-15R 3625

যুৱক দুজন বিজনীৰ কাৱাডীৰ ইমৰান আলী  আৰু মানিকপুৰৰ সোণাইখুলাৰ  কমফেড আলী। যুৱক দুজনক আটক কৰাৰ লগতে ব্ৰাউন চুগাৰ ভৰ্ত্তি ৫০ টা সৰু কন্টেইনাৰ জব্দ কৰে বুলি জানিবলৈ দিয়ে বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসে।

উল্লেখ্য যে দুদিনমান পূৰ্বেও বৰপেটাৰোড আৰক্ষীয়ে শিমলাগুড়ীত দুজন যুৱকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল।