Local, Vocal, Global

দেশৰ ভিতৰতে সুৰাপায়ী মহিলাৰ সংখ্যা বেছি অসমত

দেশৰ ভিতৰত সৰ্বাধিক মদ খায় অসমৰ মহিলাই। কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ পৰিসংখ্যাত উদ্ৱেগজনক তথ্য। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা ২০১৯-২০ বৰ্ষৰ এক পৰিসংখ্যাত প্ৰকাশ পাইছে যে মহিলাৰ তালিকাত অসমৰ মহিলাই দেশৰ ভিতৰতে মদ্যপানৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে। অসমত ২৬.৩ শতাংশ মহিলাই সুৰাপান কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ সমীক্ষা অনুসৰি অসমৰ ১৫-২৯ বছৰ বয়সৰ যুৱতী-মহিলাই সুৰাসক্ত। ৰাষ্ট্ৰীয় স্তৰত মহিলাৰ মদ্যপানৰ হাৰ ১.২ শতাংশক বহু দূৰৈত চেৰ পেলাই অসমৰ নিৰ্দিষ্ট বয়সৰ ভিতৰত থকা মহিলাৰ মদ্যপান কৰাৰ হাৰ হৈছেগৈ ২৬.৩ শতাংশ। লক্ষ্যণীয়ভাৱে নাগালেণ্ড, হিমাচল প্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যৰ মহিলাসকলৰ ক্ষেত্ৰত মদ্যপানৰ হাৰ তেনেই নগন্য। এই ৰাজ্যকেইখনৰ মহিলাই মদ্যপান কৰাৰ হাৰ ০.১ শতাংশ। ১৫-৪৯ বয়সৰ ভিতৰত ৩৫.৬ শতাংশ অসমৰ পুৰুষে মদ্যপান কৰে। অসমত পুৰুষৰ ক্ষেত্ৰত এই হাৰৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ হৈছে ২৯.২ শতাংশ। মদ্যপানৰ ক্ষেত্ৰত অসমৰ মহিলাই যিদৰে প্ৰথম স্থানত আছে তাৰ বিপৰীতে ধুমপান কৰাৰ  ক্ষেত্ৰত পশ্চিমবংগৰ মহিলা প্ৰথম স্থানত আছে। পশ্চিমবংগৰ ৫৯.২ শতাংশ মহিলাই গুটখাজাতীয় সামগ্ৰী সেৱন কৰে। ৰাজ্যখনৰ ৮০.৪ শতাংশ পুৰুষে খায় গুটখাজাতীয় সামগ্ৰী৷ দেশৰ বিভিন্ন ৰাজ্যত সুৰাপায়ী পুৰুষক লৈ চলোৱা এক সমীক্ষাত প্ৰকাশ-অসমত সামগ্ৰীক ভাবে ৫৯.৪% পুৰুষে সুৰা পান কৰে। একেদৰে মিজোৰামত ৫৬.৮%,মেঘালয়ত ৫৪.৬% আৰু মোদীৰ ৰাজ্য গুজৰাটত ৫৩.৪%পুৰুষে সুৰা পান কৰে। সমীক্ষাটোৰ মতে অসমৰ ২৬.৩% মহিলাই সুৰাপান কৰাৰ বিপৰীতে পাহাৰীয়া ৰাজ্য জম্মু-কাশ্মীৰত ২৩% আৰু আমাৰ তেনেই কাষৰীয়া মেঘালয়ত সুৰাপায়ী মহিলাৰ হাৰ মাত্ৰ ৮%।