Website Design: dastechnologies.in
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতিৰ আমগুৰিত উদ্ধাৰ ১৪ টাকৈ প্ৰাচীন ৰূপৰ মুদ্ৰা আৰু দুপাত খাৰু। পথাৰত মাছ ধৰি থকা অৱস্থাত এটা মাটিৰ লডাৰ ভিতৰত স্থানীয় লোক প্ৰবিত্ৰ গগৈ আৰু আন এজন যুৱকে প্ৰত্যক্ষ কৰে প্ৰাচীন সম্পদখিনিক। পিছত তেওঁলোকে সম্পদখিনি উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। উদ্ধাৰ কৰা মুদ্ৰাকেইটাত সংস্কৃত আৰু উৰ্দু ভাষা লিপিবদ্ধ থকাৰ বিপৰীতে আন কেইটামানত কোনোধৰণৰ লিপি স্পষ্ট নহয়। স্থানীয় লোকে প্ৰত্যক্ষ কৰি মুদ্ৰা আৰু খাৰু কেইপাত আহোম যুগৰ বুলি অনুমান কৰিছে। মুদ্ৰা উদ্ধাৰৰ কেন্দ্ৰ কৰি সমগ্ৰ আঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ।