Local, Vocal, Global

RKVY-RAFTAAR( DM)২০২০-২১ আচঁনিৰ অধীনত ধেমাজি বানাক্ৰান্তৰ মাজত কঠীয়া বিতৰণ

ধেমাজিত বানপানীৰ পিছতে কৃষকৰ মাজত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে । বানত সৰ্বোচ্চ হেৰুৱাই কৃষক সকল হৈ পৰিছে জুৰুলা। বহু কষ্টৰে কৰা খেতিসমূহ বানে তচনচ কৰি নি:শেষ কৰাৰ পিছত এতিয়া কৃষকৰ মাজত নাটনি হৈছে কঠীয়াৰ। কিন্তুৰ কৃষকৰ এই দুৰ্দশাৰ সময়ত কৃষকসকলৰ ত্ৰাণকৰ্তা হিচাপে আগবাঢ়ি আহিছে চিলাপথাৰৰ ৩ গৰাকী উদ্যমী যুৱক। যুৱক কেইজনৰ প্ৰচেষ্টাত ১০০ বিঘা মাটিত উন্নত জাতৰ কঠীয়া সিঁচি বানাক্ৰান্ত কৃষকে ৰুব পৰাকৈ বিনামূলীয়াকৈ বিতৰণ কৰে।

উল্লেখ্য যে, যোৱা বছৰো এনেদৰে বানাক্ৰান্তৰ মাজত বিনামূলীয়াকৈ কঠীয়া বিতৰণ কৰিছিল যুৱক কেইজনে। কিন্তু কৃষি বিভাগৰ পৰা পাৰিশ্ৰমিক নাপায় কৃষি বিভাগৰ ওপৰত ক্ষোভ উজাৰিছে উদ্যমী যুৱক কেইজনে। যোৱা বছৰ যুৱক কেইজনে প্ৰায় ৩ লাখ টকাৰ কঠিয়া বিতৰণ কৰিছিল বানাক্ৰান্তৰ মাজত।